অসমীয়া মেইন

in #assam3 years ago

মোক অলপ আগতে আমাৰ সকলোৰে মৰমৰ চল্লু ভাই মানে চলমান খানে ফোন কৰি সুধিলে।
=মোৰ এখন নতুন ফ্লিম "টিউবলাইট" ৰিলিজ হলে যে । তুমি কি কোৱা এই ফ্লিমখন অসমত ভালদৰে চলিবনে বাৰু?
মই কলো=চাওক চল্লু ভাই আশা একেবাৰে নকৰিব কাৰণ অলপ দিন আগত ছাহৰুক খানৰ ফ্লিম "ফেন" ৰিলিজ হল পিছে অসমত বেছি নচলিলেই।
কাৰন ফেন,টিউবলাইট,ফ্ৰীজ,টিভি,কম্পিউটাৰ ইত্যাদি চলাবলে হলে কাৰেন্টৰ প্ৰয়োজন হয় আৰু অসম হল এখন এনেকুৱা ৰাজ্য যত আকাশেদি ওৰি যোৱা চৰাই এটাই যদি অলপ চুচু কৰি যাই তেতিয়াও কাৰেন্ট কাটি দিয়ে তেন্তে চিন্তা কৰি চাওক আপোনাৰ"টিউবলাইট" কেনেকে চলিব?
এই ফ্লিমখন চলিল হেতেন যদি আপুনি ফ্লিমখনৰ নাম "মমবাতি" ৰাখিলেহেতেন।
#_অসীম ।

Coin Marketplace

STEEM 0.05
TRX 0.33
JST 0.079
BTC 63469.67
ETH 1683.58
USDT 1.00
SBD 0.41